Most Important MCQ for Vitamin Deficiency Diseases-
1. ভিটামিন এ (Vitamin A) ৰ অভাৱত হোৱা ৰোগ?
Ans: কুকুৰীকণা
2. ভিটামিন c ৰ অভাৱত কি ৰোগ হয় ?
Ans: ভিটামিন C-ৰ অভাৱত হোৱা প্রধান ৰোগটো হৈছে স্কাৰ্ভী (Scurvy)
3. ভিটামিন ‘ডি’ৰ অভাৱত হোৱা প্ৰধান ৰোগ ?
Ans: ৰিকেট্ছ (Rickets), অষ্টিঅ’মেলেচিয়া (Osteomalacia), অষ্টিঅ’পৰ’চিছ (Osteoporosis)
4. ভিটামিন E ৰ অভাৱত কি ৰোগ হয়?
Ans: স্নায়ু আৰু পেশীৰ সমস্যা (Neuromuscular Dysfunction), আটাক্সিয়া (Ataxia / ভাৰসাম্যহীনতা)
Notes:
| ভিটামিনৰ নাম | উৎস | অভাৱজনিত ৰোগ / প্ৰতিক্ৰিয়া |
১. ভিটামিন (এ) • স্নেহদ্ৰব্য, এন্টিজেৰফ্থেলমিক বা এজোৰোপথল বা ৰেটিনল | বিভিন্ন মাছৰ যকৃতৰ তেল, কডলিভাৰ তেল, গাজৰ, মাখন, মাছ, কণীৰ কুহুম, গাজৰ, বিলাহী, বন্ধাকবি, পালেংশাক, আম, মধুৰিআম ইত্যাদি | ক) কুকূৰিকণা খ) জেৰেফ্থেলমিয়া গ) কেবাটোমেলেচিয়া, বিভিন্ন চকুৰ ৰোগ ঘ) ভিটামিনৰ অভাৱত ৰোগ প্ৰতিষেধক ক্ষমতা কমি যায় ঙ) ছালৰ মসূনতা নষ্ট হয় চ) অস্থি আৰু দাঁতৰ গঠন আৰু শৰীৰৰ স্বাভাৱিক বৃদ্ধি ব্যাাহত হয় |
২. ভিটামিন (বি কমপ্লেক্স) (প্ৰায় ১২টা ভিটামিনৰ সমষ্টি) | ||
ক) ভিটামিন (বি-১) • পানীত দ্ৰাব্য থিয়ামিন | শস্যৰ ভুচি, বীট, গাজৰ, বীন, বাদাম, লেটুচ পাত, টঁকিত বনা চাউল, ভাতৰ ফেন, কণীৰ কুহুম, যকৃত ইত্যাদি | ক) বেৰিবেৰি ৰোগ খ) ক্ষুধামান্দ্য, হৃদপিণ্ডৰ স্থিতি গ) ভৰিৰ স্থিতি আৰু তাত পানী জমা হোৱা ঘ) ৰক্ত সংবহনতন্ত্র আৰু স্নায়ু তন্ত্ৰৰ ক্ৰিয়া ব্যাাহত হোৱা |
খ) ভিটামিন (বি-২) • পানীত দ্ৰাব্য ৰাইব'ফ্লাভিন | মাংস, কণীৰ বগা অংশ, যকৃত, বৃক্ক, গাজৰ, সেউজীয়া শাক-পাচলি, লেচেৰা মাহ, উৰহি, মটৰ মাহ ইত্যাদি | ক) জিভা আৰু মুখৰ ঘা খ) অকালতে চুলি সৰা গ) ছালৰ প্ৰদাহ ঘ) চৰ্ম শুষ্কতা, ক্ষুধামান্দ্য আৰু অৱসন্নতা ঙ) স্নায়ুবিক দুর্বলতা |
গ) ভিটামিন (বি-৩) • পানীত দ্ৰাব্য পেন্টোথেনিক এচিড | কণী, মাংস, বৃক্ক, যকৃত, মিঠা আলু, গুড়, চুজি, মটৰ মাহ | ক) অকালতে চুলি সৰা খ) পৌষ্টিক নালীত ঘা গ) নানা প্ৰকাৰৰ চৰ্মৰোগ ঘ) হাতৰ আৰু ভৰিৰ তলুৱা জ্বালা কৰা |
ঘ) ভিটামিন (বি-৪) • কোলিন | মাখন, দালি, কণী, মাছ আৰু মাংস | ক) বৃক্কলৈ ৰোগ যায় খ) যকৃত আৰু অস্থিত ৰোগ হয় গ) স্নেহ পদাৰ্থ আৰু প্ৰোটিন হজমত ব্যাাহত হয় |
ঙ) ভিটামিন (বি-৫) • নিয়াকিন বা নিকোটিনিক এচিড | গাজৰ, যকৃত, শাক-পাচলি ইত্যাদি | ক) পেলেগ্ৰা ৰোগ হয় খ) পাকস্থলী আৰু অন্ত্ৰত ৰোগ হয় গ) স্নায়ুবিক দুর্বলতা ঘ) চৰ্মৰোগ আৰু মানসিকব্যাধি হয় |